The Web Wall is a social science focused, multi-lingual online journal. The Web Wall holds the characteristics of both the Academic and Popular Journal. It concentrates on publishing stories and ideas on various social, political, economic and legal issues by multiple authors. WWJ publishes write-ups in three major languages_ English, Hindi and Assamese.

This is a non-profit entity. All costs have been borne by the publisher for the greater good of the society. The team members (reviewers) provide a platform to the authors to establish their thoughts the way they want to. They keep in mind that civility of language is to be maintained in this journal.

The reason behind publishing the Web Wall Journal is to imprint stories and ideas of different authors on a common page and to spread the message and learning of these change makers to as many people as possible.


তথ্য প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ লগে-লগে আমাৰ দৈনন্দিন কাৰ্য-কলাপ, চিন্তা চেতনা পৰোক্ষ বা প্ৰত্যক্ষভাৱে ইয়াৰদ্বাৰাপ্ৰভাবিতহৈছে। তথ্য-প্ৰযুক্তিৰ এই বিকাশে জীৱন ধাৰণৰ বিভিন্ন দিশত ব্যাপক সালসলনি ঘটোৱাৰ লগতে ব্যক্তিৰ মত প্ৰ্কাশৰ স্বাধীনতাক অন্য এক স্তৰত উপনীত কৰিবলৈ সক্ষম হৈছে। পৰম্পৰাগত ছপা মাধ্যমৰ সীমাৱদ্ধতাৰ আওতাত বৰ্তমান সময়ত গঢ়লৈ উঠা সামাজিক গণ-মাধ্যমসমূহে বিভিন্নজনৰ মতামত, চিন্তাচেতনাক বিভিন্ন মঞ্চত উন্মেষ ঘটোৱাৰ বাট উন্মোচিত কৰিছে।

প্ৰচলিত ধ্যাণধৰণা তথা ব্যৱস্থাৰ পৰিবৰ্তনৰ উদ্দেশ্যে বিকল্পৰ সন্ধান অতি প্ৰয়োজনীয়। পৰম্পৰাগত মাধ্যমে পূৰণ কৰিব নোৱাৰা কেতবোৰ অভাব দূৰ কৰাৰ উদ্দেশ্যে বিকল্প গণমাধ্যমে এই সময়ত শক্তি শালী ভাবে প্ৰতিষ্ঠা আৰু খ্যাতি লাভ কৰিছে। ইণ্টাৰনেট সেৱাই আনি দিয়া নতুন জীৱন প্ৰণালীত ইণ্টাৰনেটত উপলব্ধ বিভিন্ন ৰচনা, তথ্যপাতি আদি অবিচ্ছেদ্য অংগ হৈ পৰিছে। ছপা মাধ্যমৰ ক্ষেত্ৰত সততে দেখা পোৱা অৰ্থনৈতিক আৰু ভৌগোলিক সীমাৱদ্ধতাক এই নব্য মধ্যমসমূহে অতি সহজে অতিক্ৰম কৰি নৱপ্ৰ্জন্মৰ মাজত জ্ঞান-শিক্ষাৰ প্ৰচাৰ আৰু প্ৰ্সাৰত উল্লেখযোগ্য ভূমিকা লবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে।

সময়ৰ লগত খোজ মিলাই আৰু প্ৰজন্মৰ ৰুচিৰ লগত ৰজিতা খুৱাই তথ্য প্ৰযুক্তিৰ বিশাল ক্ষেত্ৰখনত সমাজ- ৰাজনীতি- শিক্ষা-সংস্কৃতি আদি বিষয়ত বিভিন্নজনৰ বিভিন্ন ধাৰণাক আপোনাৰ কাষলৈ লৈ যোৱাৰ উদ্দেশ্যেই আৰম্ভ কৰা হৈছে The Web Wall Journal শীৰ্ষক এখনি বহুভাষিক অনলাইন আলোচনী। এই আলোচনীখনৰ জৰিয়তে ইংৰাজী, হিন্দী আৰু অসমীয়া এই তিনিওটা ভাষাতে ৰাজনীতি, সামাজিক বিষয়, উন্নয়ণ আৰু অন্যান্য শিতানত বিভিন্ন মনোগ্ৰাহী লেখা অপোনাৰ কাষ চপাই নিয়াৰ প্ৰয়াস কৰা হৈছে। আহক আমাৰ এই বিনম্ৰ প্ৰয়াসৰ আপুনিও অংশীদাৰ হওক আৰু নব্যমাধ্যমৰ জৰিয়তে এক সুস্থ- সবল জনমত গঢ়াত আগ ভাগ লওক।